January 19, 2026 7:30 PM

views 50

ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গোগামুখৰ ম‍ইনাপাৰাত আয়োজিত এটা অনুষ্ঠানত লোক নির্মাণ বিভাগে নিৰ্মাণ কৰা চাৰিটা পথ ৰাইজলৈ উৎসৰ্গা কৰে। মুখ্যমন্ত্রী পকী পথ নির্মাণ আঁচনিৰ অধীনত চাৰি কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মইনাপাৰাৰ পৰা দীঘলী পথাৰ অভিমুখী পথ, চুতিয়াপাৰাৰ পৰা দক্ষিণ নলবাৰী এল পি স্কুল, চেতিয়াগাঁও তিনিআলিৰ পৰা আয়াং তিনিআলি আৰু বাড়ুলুকাৰ পৰা কমাৰচলালৈ যোৱা চাৰিটা পথ মুকলি কৰে। মন...

October 11, 2025 12:39 PM

views 44

ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত সোৱণশিৰি হাট নামৰ বিপনন কেন্দ্ৰ মুকলি

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত সোৱণশিৰি হাট নামৰ এটা বিপনন কেন্দ্ৰ উদ্বোধন কৰে। নাবাৰ্ড আৰু জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্টৰ সহযোগত এই বিপনন কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। আত্মসহায়ক গোট আৰু চি এল এফ সকলে যাতে এখন সংগঠিত বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন আৰু বিক্ৰীৰ সুবিধা লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই বজাৰখনক নতুন ৰূপত নিৰ্মাণ কৰা হৈছে বুলি শ্রী পেগুৱে উল্লেখ কৰে। তেওঁ ল...

August 24, 2025 8:38 PM

views 44

ধেমাজিৰ তুলসীবাৰীত বৃদ্ধ পেন্সন কল্যাণ পৰিষদৰ ভৱন উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ তুলসীবাৰীত মিছিং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা বৃদ্ধ পেন্সন কল্যাণ পৰিষদৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। পৰিষদৰ ২৪ লাখ টকা পুঁজিৰে ভৱনটো নিৰ্মাণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশ লোৱাৰ উপৰি জিলাখনৰ পেন্সনাৰসকলৰ অভাৱ-অভিযোগৰো বুজ লয়। অনুষ্ঠানত মিছিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙিয়া, কার্যবাহী সদস্য বাণীকান্ত দলে প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।