January 16, 2026 12:32 PM

views 28

ঢেকীয়াখোৱা বৰ নামঘৰত সদৌ অসম ভিত্তিত কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ভাওনা প্রতিযোগিতা অনুষ্ঠিত

যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰ নামঘৰত সদৌ অসম ভিত্তিত কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ভাওনা প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ১০ খন ভাওনা অনুষ্ঠিত হ'ব। অহা ১৯ জানুৱাৰীত সামৰণি পৰিবলগীয়া এই প্রতিযোগিতাৰ কালি প্ৰথমখন ভাওনা মৎস্য বিজয় গোলাঘাট জিলাৰ বৰখেৰীয়াৰ অনন্ত বিজয় শিল্পী সমাজে প্রদর্শন কৰে।