December 27, 2024 5:58 PM

views 34

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত পাতলীয়া বৰষুণ

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত আজি পুৱাৰ ভাগত পাতলীয়া বৰষুণ হয়। অৱশ্যে কুঁৱলীৰ বাবে মহানগৰখনৰ দৃশ্যমানতা হ্ৰাস পায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি পুৱা ৮ বজাত চফদজং ষ্টেচনত সর্বনিম্ন তাপমাত্রা ১১ দশমিক ৪ ডিগ্রী ছেলচিয়াছ ৰেকৰ্ড কৰা হয়। বতৰ বিজ্ঞান বিভাগে দিল্লীত কাইলৈও ধুমুহাৰ সৈতে বৰষুণ হোৱাৰ পূৰ্বভাষ প্ৰকাশ কৰিছে। বৰষুণ হোৱা স্বত্বেও ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বায়ুৰ গুণাগুণ আজিও নিম্নগামী হৈ আছে।