February 20, 2025 7:03 AM

views 32

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰেখা গুপ্তাই

ৰেখা গুপ্তাই আজি নতুন দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰেখা গুপ্তা – সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশীৰ পাছত দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হ'ব। কালি বিয়লি দিল্লী বিজেপিৰ বিধায়িনী দলৰ নেত্ৰী হিচাপে বাছনি লাভ কৰাৰ পাছত ৰেখা গুপ্তাই উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী জনায়। উপ-ৰাজ্যপালে আজি দুপৰীয়া ১২ বাজি ৩৫ মিনিটত শ্ৰীমতী গুপ্তাক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰাব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মো...

September 17, 2024 6:17 PM

views 37

দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে জ্যেষ্ঠ নেত্রী আতিশী মাৰলেনাক বাছনি

নতুন দিল্লীত আজি অনুষ্ঠিত আম আদমী পাৰ্টীৰ বিধায়কসকলৰ বৈঠকত দলৰ জ্যেষ্ঠ নেত্রী আতিশী মাৰলেনাক বিধায়িনী গোটৰ নেত্ৰী হিচাপে বাছনি কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী গোপাল ৰায়ে কয় যে পৰৱৰ্তী বিধানসভা নিৰ্বাচন পর্যন্ত আতিশী মুখ্যমন্ত্ৰী হ'ব বুলি সৰ্বসম্মতিক্রমে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আম আদমী পাৰ্টীয়ে অহা অক্টোবৰ-নৱেম্বৰত দিল্লীত বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী ৰায়ে বিজেপিয়ে আম আদমী পাৰ্টীক নিঃশেষ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে...