February 8, 2025 9:35 PM

views 26

তিনি দশকৰ পাছত দিল্লীৰ ক্ষমতা দখল বিজেপিৰ

বিজেপিয়ে দিল্লীত তিনি দশকৰ পাছত ক্ষমতা দখল কৰাটো নিশ্চিত হৈছে। আজি অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ তথ্য অনুসৰি দলটোৱে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ বিপৰীতে শাসনাধিষ্ঠিত আম আদমী পাৰ্টীয়ে পৰাজয় বৰণ কৰিছে। ৭০ জনীয়া দিল্লী বিধানসভাত বিজেপিয়ে ৪৮ খন, আম আদমী পাৰ্টীয়ে ২২ খন আসন লাভ কৰে। কংগ্ৰেছ দলে কোনো আসন লাভ কৰা নাই। বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লীত পৰবেশ ছাহিব সিং, জুনপুৰাৰ তৰবিন্দ সিং মাৰোৱা, কাৰৱাল নগৰৰ পৰা কপিল মিশ্ৰ, ৰজৌৰি গার্ডেনৰ পৰা মনজিন্দৰ সি...

January 21, 2025 9:18 PM

views 30

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰৰ দ্বিতীয় অংশ প্ৰকাশ

৭০জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিভিন্ন দলৰ প্ৰাৰ্থী আৰু তাৰকা প্ৰচাৰকসকলে ৰ'ডশো, জনসভা আৰু ঘৰে ঘৰে গৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপিয়ে আজি দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে সংকল্প পত্ৰৰ দ্বিতীয় অংশ প্ৰকাশ কৰে। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ জ্যেষ্ঠ নেতা অনুৰাগ ঠাকুৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিল্লীৰ যুৱক-যুৱতীসকলক ১৫ হাজাৰ টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্...