January 17, 2025 10:25 AM

views 43

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ ৬৮ খন আসনত প্ৰতিদ্বন্দ্বিতা

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৭০ খন আসনৰ ভিতৰত ৬৮ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিজেপিয়ে বাকী দুখন আসন এন ডি এ মিত্ৰজোঁটৰ সহযোগী দল জে ডি ইউ আৰু লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস গোটক এৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে কৈছে, যে জে ডি ইউয়ে বুৰাৰী বিধানসভা আসনখনৰ পৰা প্ৰাৰ্থী থিয় কৰোৱাৰ লগতে লোকজনশক্তি পার্টীয়ে দেওলি আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।