February 23, 2025 11:33 AM

views 30

দিল্লীৰ নৱগঠিত অষ্টম বিধানসভাৰ প্ৰথমখন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ

দিল্লীৰ নৱগঠিত অষ্টম বিধানসভাৰ প্ৰথমখন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰথম দিনটোত নৱ নির্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব বুলি দিল্লী বিধানসভাই জাননী যোগে প্ৰকাশ কৰিছে। কাইলৈ বিধানসভাৰ অধ্যক্ষও নিৰ্বাচন কৰা হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই সদনক উদ্দেশ্য কৰি ভাষণ দিয়াৰ লগতে পূৰ্বৰ চৰকাৰৰ কামকাজ সন্দৰ্ভত কেগ অর্থাৎ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদন দাখিল কৰিব। বিধায়ক অৰবিন্দ সিং লাভলিক অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰী সিঙে নৱ-...