September 7, 2024 12:41 PM

views 51

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ প্ৰধান সচিবে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি কামৰূপৰ আয়ুক্ত কীৰ্তি জলীক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। শোণিতপুৰৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰক কামৰূপৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। কাছাৰৰ আয়ুক্ত হিচাপে কাৰ্যভাৰ চলাই থকা ৰোহন কুমাৰ ঝাক বৰপেটালৈ বদলি কৰা হৈছে। বিপৰীতে বৰ্তমানৰ বৰপেটাৰ আয়ুক্ত আয়ুষ গাৰ্গক শিৱসাগৰলৈ বদলি কৰা হৈছে। আনহাতে কৰিমগঞ্জৰ আয়ুক্ত মৃদুল যাদৱক কাছাৰৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে।...