September 10, 2026 2:17 PM
2
ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন অহা দেওবাৰ আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ’ব
ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা দেওবাৰ আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ বিস্তৃত পর্যালোচনা কৰ...