June 22, 2025 11:58 AM

views 84

দৰং জিলাৰ থেকেৰাবাৰী গাঁৱত খাদ্যত বিষক্রিয়া হৈ ৩৫ জন ব্যক্তি অসুস্থ

দৰং জিলাৰ জলজলী খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত ৰঙামাটি ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৰু থেকেৰাবাৰী গাঁৱত খাদ্যত বিষক্রিয়া হৈ কালি ৩৫ জন ব্যক্তি শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। অসুস্থ ব্যক্তিসকলৰ ভিতৰত শিশুসহ ১১ জনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্বাস্থ্য বিভাগৰ প্ৰতিবেদন অনুযায়ী গাঁওখনত আয়োজিত এটা অনুষ্ঠানত পৰিৱেশন কৰা খাদ্য গ্ৰহণ কৰাৰ পাছতে এই ঘটনাটো সংঘটিত হয়। স্বাস্থ্য বিভাগে সম্প্রতি বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখি আক্রান্তসকলে গ্ৰহণ কৰা খাদ্য বস্তুৰ নমুনা সংগ...