March 24, 2025 8:24 PM

views 44

দৰং জিলাৰ ধূলা-খাৰুপেটিয়াৰ মাজত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত দুজন

দৰং জিলাৰ ধুলা আৰু খাৰুপেটিয়াৰ মাজত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্রীবাহী বাছক বিপৰীত দিশৰ পৰা যোৱা এখন তীব্ৰবেগী ডি আই গাড়ীয়ে খুন্দিওৱাৰ ফলতে দুজন যাত্রী নিহত আৰু ভালে কেইগৰাকী যাত্রী আহত হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে AS-20-2289 নম্বৰৰ পৰিবহণ নিগমৰ অধীনত চলাচল কৰা এই বাছখনত মুঠ ৩৫ জন যাত্রী আছিল আৰু বাছখনত বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী ডি আই গাড়ীখনে সোঁ-ফালৰ মাজ অংশত খুন্দিওৱাৰ ফলত তেজপুৰৰ দ-পৰ্বতীয়াৰ নাৰায়ণ বৰা আৰু তেজ...