July 21, 2026 6:44 PM
1
দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন কেন্দ্রীয় ঔষধ নিয়ন্ত্রণ সংস্থাৰ
কেন্দ্রীয় ঔষধ নিয়ন্ত্রণ সংস্থাই ডেংগু নিয়ন্ত্রণ প্রচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। ৪ ৰ পৰা ৬০ বছৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত এই প্রতিষেধকে অনুমোদন লাভ কৰিছে। এই প্ৰতিষেধকে ইতিমধ্যে ইউৰোপীয় সংঘ, ইংলেণ্ড, ছুইজাৰলেণ্ড, ইন্দোনেছিয়া, মালয়েছিয়া আৰু থাইলেণ্ডকে ধৰি ৪২ খন দেশত অনুমোদন লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে এই অনুমোদন ডেংগু প্ৰতিৰোধৰ লগতে দেশৰ সামগ্রিক স্বাস্থ্য সেৱাক্ষেত্ৰত এটা মাইলৰ খুটি স্বৰূপ বুলি অভিহিত কৰ...