October 25, 2024 10:48 AM

views 21

ডানা নামৰ ঘূৰ্ণী বতাহ জাক সম্প্ৰতি ওড়িশা আৰু পশ্চিমবংগৰ উপকূলভাগৰ দিশে অগ্ৰসৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, কালি মাজনিশা ওড়িশাৰ ভিটৰকনিকা ৰাষ্ট্ৰীয় উদ্যান আৰু ধামৰা বন্দৰৰ মাজৰ উপকূল ভাগত খুন্দা মৰা ডানা নামৰ ঘূৰ্ণী বতাহ জাক সম্প্ৰতি ওড়িশা আৰু পশ্চিমবংগৰ উপকূলভাগৰ দিশে অগ্ৰসৰ হৈছে। ভূৱনেশ্বৰৰ বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, ধুমুহাজাক ভূ-ভাগত প্ৰৱেশ কৰাৰ সময়ত ইয়াৰ গতিবেগ প্রতিঘণ্টাত ১২০ কিলোমিটাৰলৈ বৃদ্ধি পায়। প্ৰৱল ধুমুহা জাক দুৰ্বল হোৱালৈকে প্ৰায় ৩-৪ ঘণ্টা বতাহ জাকৰ প্রাবল্য একেদৰে থাকে । বতাহজাকৰ প্ৰভাৱত ওড়িশাৰ কেন্দ্ৰপাৰা আৰু ভদ্ৰক জিলাত ধাৰ...

October 24, 2024 12:50 PM

views 18

ডানাক ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ডানা নামৰ ঘূৰ্ণীবতাহ জাকে ভূভাগত প্ৰৱেশ কৰাৰ পূৰ্বে ধন জনৰ হানি ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বাহিনীটোৱে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু ধুমুহা জাকৰ ফলত উদ্ভৱ হ'ব পৰা যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ জোৰা মাৰিবলৈ প্ৰস্তুতি চলাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে ভাৰতীয় উপকূলৰক্ষী বাহিনীক জাহাজ, বিমান আৰু ৰিমোট অপাৰেটিং কেন্দ্ৰৰ লগতে মাছমৰীয়া আৰু নাবিকসকলক নিয়মীয়াকৈ বতৰৰ সতৰ্কতা আৰু সুৰক্ষা পৰামৰ্শ প্ৰদান কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে। মাছ ধৰা জাহ...

October 24, 2024 12:37 PM

views 21

ঘূৰ্ণীবতাহ ডানা আজি নিশা বা কাইলৈ নিচেই পুৱা ওড়িশাৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা

পূব মধ্য বংগোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘূৰ্ণীবতাহ জাকে আজি নিশা বা কাইলৈ নিচেই পুৱা ভিটৰকণিকা আৰু ধাম্ৰাৰ মাজত ওড়িশাৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহজাকে খুন্দা মৰাৰ সময়ত প্রতি ঘণ্টাত ১০০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰ বতাহ বলিব পাৰে বুলি সতৰ্ক কৰি দিছে। বতাহ জাক সম্প্রতি ওড়িশাৰ পাৰাদ্বীপৰ পৰা ৪২০ কিলোমিটাৰ আৰু ধাম্ৰাৰ উপকূলভাগৰ পৰা ৪৫০ কিলোমিটাৰ নিলগত আৰু পশ্চিম বংগৰ সাগৰ দ্বীপৰ উপকূল ভাগৰ পৰা ৫০০ কিলোমিটাৰ নিলগত কেন্দ্ৰীভূত হৈ আছে। বতাহজাকৰ ফলত ওড়িশাৰ কেন্দ...

October 23, 2024 7:41 PM

views 15

ডানা নামৰ ঘূৰ্ণী বতাহৰ পূর্বে ওড়িশাত এন ডি আৰ এফৰ ২০টা আৰু পশ্চিমবঙ্গত ১৩টা দল নিয়োগ

ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফে ডানা নামৰ ঘূৰ্ণী বতাহজাকে ভূভাগত খুন্দা মৰাৰ পূর্বে ওড়িশাত বাহিনীটোৰ ২০ টা আৰু পশ্চিমবঙ্গত ১৩ টা দল নিয়োগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীৰ উপ-মহাপৰিদৰ্শক মহচেন চাহিদে কয় যে, পশ্চিমবঙ্গত যিকোনো পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চাৰিটা দল সাজু কৰি ৰখা হৈছে। অন্ধ্ৰপ্ৰদেশৰ ৱিজাকতো প্রস্তুতি সম্পূৰ্ণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্রীচাহিদে কয় যে, ছত্তীশগড় আৰু ঝাৰখণ্ডতো সম্ভাৱ্য পৰিস্থিতিৰ সন্মুখীন ...