July 6, 2025 2:29 PM

views 43

দালাই লামাৰ ৯০ বছৰীয়া জন্ম দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

দালাই লামাৰ ৯০ বছৰীয়া জন্ম দিনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিববতীয় আধ্যাত্মিক নেতাগৰাকীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ১৪০ কোটি ভাৰতীয়ৰ হৈ প্ৰধানমন্ত্ৰীয়ে দালাই লামাক শুভেচ্ছা জনায়। শ্রীমোদীয়ে আধ্যাত্মিক নেতাগৰাকীক প্ৰেম, কৰুণা, ধৈৰ্য্য আৰু নৈতিক অনুশাসনৰ প্ৰতীক হিচাপে বৰ্ণনা কৰে। তেওঁ কয়, যে দালাই লামাৰ বাৰ্তাই সকলোকে অনুপ্ৰেৰণা যোগাই আহিছে। প্ৰধানমন্ত্ৰীয়ে দালাই লামাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰে।

June 23, 2024 11:50 AM

views 55

নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদৰ বাবে আধ্যাত্মিক নেতা দালাই লামাৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন

তিববতৰ আধ্যাত্মিক নেতা দালাই লামাই বিহাৰৰ ৰাজগিৰিত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। দেশৰ যুৱক-যুৱতীসকলৰ মাজত প্ৰাচীন ভাৰতৰ জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰতি বৰ্ধিত আগ্রহে তেওঁকো উৎসাহিত কৰিছে বুলি আধ্যাত্মিক নেতাগৰাকীয়ে উল্লেখ কৰে ।