January 31, 2025 6:51 PM

views 32

দক্ষিণ শালামাৰা–মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এশ দিনীয়া বিশেষ অভিযান

দক্ষিণ শালামাৰা–মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এশ দিনীয়া কাৰ্যসূচীৰে যক্ষ্মামুক্ত বিশেষ অভিযান চলি আছে। এই অভিযানৰ অধীনত প্ৰতিখন স্বাস্থ্য কেন্দ্ৰৰ কৰ্মীৰ লগতে আশাকর্মীৰ সহযোগত জিলাখনৰ বিভিন্ন অঞ্চলত যক্ষ্মা ৰোগ সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৬০ বছৰ উৰ্ধৰ সকলো ব্যক্তিক স্বাস্থ্যপৰীক্ষা কৰা হৈছে। হাতশিঙিমাৰী জিলা স্বাস্থ্য বিভাগে চিনাক্ত হোৱা যক্ষ্মা ৰোগীক বিনামুলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যোৱা ২২ ডিচেম্বৰৰ পৰা এই যক্ষ্মামুক্ত বিশেষ অভিযান অব্যাহত আছে।