July 3, 2024 1:08 PM

views 58

অচিৰেই বিভিন্ন জিলাত ৩৫টা ডায়েলাইছিচ কেন্দ্ৰ স্থাপন ৰাজ্য চৰকাৰৰ

বৃক্ক ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন চিকিৎসাৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ৰাজ্য চৰকাৰে অচিৰেই বিভিন্ন জিলাত ৩৫টা ডায়েলাইছিচ কেন্দ্ৰ স্থাপন কৰিব। সমগ্ৰ ৰাজ্যতে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে অত্যাৱশ্যকীয় চিকিৎসা সেৱা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ স্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, এই পদক্ষেপৰ জৰিয়তে ডিব্ৰুগড়, তিনিচুকীয়া, কাচাৰ, বৰপেটা, কামৰূপ মহানগৰ, কামৰূপ, নগাঁও আৰু গোৱালপাৰা জিলাত দুটাকৈ তথা ধেমাজি, চৰাইদ...