June 17, 2026 12:20 PM

views 30

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ ২% বর্ধিত হাৰত মৰগীয়া বানচ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলে দুই শতাংশ বর্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। এই মৰগীয়া বানচ পূৰ্বৰ ৫৮ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দর্ভত প্রয়োজনীয় নির্দেশনা জাৰি কৰে।