November 30, 2025 11:25 AM

views 79

ডিট্ৰা ঘূৰ্ণী বতাহৰ পৰিপ্ৰেক্ষিতত তামিলনাড়ু, পুডুচেৰী, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলভাগত ৰেড এলার্ট জাৰি

দক্ষিণ-পশ্চিম বংগোপ সাগৰ আৰু ইয়াৰ গাতে লাগি থকা উত্তৰ শ্ৰীলংকা আৰু তামিলনাডুৰ উপকূল ভাগত সৃষ্টি হোৱা ডিট্ৰা নামৰ ঘূৰ্ণী বতাহজাকে বিগত ছয় ঘণ্টাত প্রতিঘণ্টাত পাঁচ কিলোমিটাৰ বেগেৰ উত্তৰৰ দিশে গতি কৰিছে আৰু বতাহজাক সম্প্ৰতি পুডুচেৰীৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দক্ষিণ-দক্ষিণপূবত আৰু চেন্নাইৰ পৰা ২৫০ কিলোমিটাৰ দক্ষিণত কেন্দ্ৰীভূত হৈ আছে। বতাহজাক পৰৱৰ্তী ২৪ ঘণ্টাত উত্তৰৰ দিশে গতি কৰাৰ সম্ভাৱনা আছে। উত্তৰৰ দিশে গতি কৰাৰ সময়ত ঘূৰ্ণী বতাহজাক আজি পুৱা আৰু বিয়লিৰ ভাগলৈ তামিলনাডু আৰু পুডুচেৰীৰ উপকূল ভাগৰ প...