November 15, 2025 6:37 PM

views 44

ধেমাজিত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্রীয় সত্রীয়া সংস্কৃতি দিৱস পালন

সদৌ অসম সত্ৰ মহাসভাৰ ধেমাজি জিলা শাখাৰ উদ্যোগত ধেমাজি কেন্দ্রীয় সত্রীয়া সংস্কৃতি দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সত্র মহাসভাই সংস্কৃতি দিৱসৰ কাৰ্যসূচীৰ লগতে অহা ১৯ আৰু ২০ নৱেম্বৰত সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ ৰূপালী জয়ন্তী বর্ষও উদযাপনৰ কাৰ্যসূচী হাতত লৈছে। ধেমাজিৰ চিলাৰায় ভৱনত আয়োজন কৰা কাৰ্যসূচীত আজি পুৱা ঊষা কীর্তন, ধর্মধবজা উত্তোলন, স্মৃতি তর্পণ, নাম প্ৰসংগ, ভাগৱত পাঠ আৰু আলোচনা চক্র অনুষ্ঠিত হয়। এই কার্যসূচীতেই সত্র মহাসভাই সত্ৰীয়া সংস্কৃতিৰ বঁটা, জীবনজোৰা সাহিত্য বঁটা, সাহি...