April 21, 2025 11:21 AM

views 64

আই পি এলঃ দেওবাৰে চেন্নাই ছুপাৰ কিংছক ৯ উইকেটত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ

● মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কালি অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক ৯ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময় ১৭৬ ৰান কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে এটা উইকেট হেৰুৱাই ১৫ অভাৰ আৰু ৪টা বলতে নির্ধাৰিত লক্ষ্যত উপনীত হয়। ৰোহিত শৰ্মাই ৪৫টা বলত ৭৬ ৰান কৰাৰ লগতে সূর্য কুমাৰ যাদৱে ৩০টা বলত ৬৮ ৰান কৰে। ৰোহিত শৰ্মাক প্লেয়াৰ অব দ্যা মেচ ঘোষণা কৰা হয়। প্রতিযোগিতাৰ আন এখন খেলত ৰয়েল ছেলেঞ্জাৰ...

April 1, 2024 12:34 PM

views 95

আই পি এল ক্রিকেট প্রতিযোগিতাত দেলহি কেপিটেলছৰ চেন্নাই ছুপাৰ কিংছক ২০ ৰানত পৰাজিত

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা বিশাখাপট্টনমৰ ৱাই এছ ৰাজাশেখৰ ৰেড্ডী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছে চেন্নাই ছুপাৰ কিংছক ২০ ৰানত পৰাজিত কৰে। দেশহি কেপিটেলছে নিৰ্ধাৰণ কৰি দিয়া ১৯২ ৰানৰ লক্ষ্যৰে খেলিবলৈ লোৱা চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭০ ৰানহে কৰিবলৈ সক্ষম হয়। চেন্নাই ছুপাৰ কিংছৰ হৈ আজিংক্য ৰাহানেই সৰ্বাধিক ৪৫ ৰান কৰাৰ বিপৰীতে এম এছ ধোনীয়ে ৩৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। দেলহি কেপিটেলছৰ হৈ মুকেশ কুমাৰে ৩টা উইকেট দখল কৰাৰ বিপৰীতে খলিল আহমেদে ৪ অ...