August 28, 2025 1:14 PM

views 40

খনিজ তেল আৰু গেছৰ ৰয়েল্টি লাভ কৰা ৰাজ্যৰ তালিকাত অসমৰ শীর্ষস্থান দখল

২০২৪-২৫ বৰ্ষত খনিজ তেল আৰু গেছৰ ক্ষেত্ৰত ৰয়েল্টি লাভ কৰা ৰাজ্যৰ তালিকাত অসমে শীর্ষস্থান অধিকাৰ কৰিছে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ পৰিসংখ্যা অনুসৰি অসমে খনিজ তেল আৰু গেছৰ উৎপাদনৰ ৰয়েটি হিচাপে এই বছৰটোত ৩ হাজাৰ ৭৬৬ কোটিৰো অধিক টকা অর্থাৎ সৰ্বাধিক ধন লাভ কৰিছে। ২০২৩-২৪ বৰ্ষত ৰাজ্যখনে ৩ হাজাৰ ৬৭২ কোটিৰো অধিক আৰু ২০২২-২৩ বৰ্ষত ৩ হাজাৰ ৯৭৭ কোটিৰো অধিক টকা লাভ কৰিছিল বুলি মন্ত্ৰ্যালয় সূত্ৰই প্ৰকাশ কৰিছে।