December 26, 2024 8:11 PM

views 50

ভাৰতৰ কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ

ভাৰতৰ কমিউনিষ্ট পাৰ্টী চমুকৈ চি পি আইৰ প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে আজি গুৱাহাটীৰ ৰাজগড়ত অৱস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ৰ প্ৰাংগণত শতবৰ্ষৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ এই অনুষ্ঠানত দলৰ জ্যেষ্ঠ নেতা ডম্বৰু বৰাই ৰক্ত পতাকা উত্তোলন কৰাৰ লগতে যোৱা ১০০ বছৰে দেশৰ প্ৰতি সেৱা আগবঢ়াই জীৱন উৎসৰ্গা কৰা সংগ্ৰামী নেতাসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পন, ৰাজহুৱা সভা আদিও অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ ডº হীৰেন গোহাঁঞে কয়, যে, চি পি আইৰ দলৰ নেতা...

April 7, 2024 12:22 PM

views 60

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে চি পি আইৰ দলীয় ইস্তাহাৰ প্ৰকাশ

চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজাই কালি নতুন দিল্লীত আসন্ন লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। ইস্তাহাৰত পুৰণি পেঞ্চন ব্যৱস্থা সম্পূৰ্ণৰূপে বাহাল আৰু ব্যক্তিগত খণ্ডত সংৰক্ষণ ব্যৱস্থা বলৱৎ কৰাৰ তথা সাৰ্বজনীন খণ্ডক সম সুযোগৰ ভিত্তিত আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে । দলে লগতে সকলোকে সুলভ স্বাস্থ্য আৰু শিক্ষাৰ ব্যৱস্থা কৰাৰ বাবে খণ্ড দুটাৰ বাবে অধিক পুঁজি দাবী কৰিব আৰু পৰিসীমন তথা লোকপিয়ল সম্পৰ্কীয় ব্যৱস্থা আঁতৰাই ততালিকে মহিলাৰ সংৰক্ষণ ৰূপায়ণৰ হকে কাম কৰিব বুলি ইস্তাহাৰত ...