June 18, 2026 4:16 PM
11
গৰুভর্তি বাহন জব্দ বিশ্বনাথৰ বৰগাং আৰক্ষীৰ
বিশ্বনাথ জিলাৰ বৰগাং আৰক্ষীয়ে আজি পুৱা নাকা চেকিঙৰ সময়ত এখন গৰুভর্তি বাহন জব্দ কৰে। বাহনখনত গোগামুখৰ পৰা নগাঁৱলৈ ৫৯টা গৰু অবৈধভাৱে সৰবৰাহ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে গৰুকেইটা সৰবৰাহৰ কোনো বৈধ নথিপত্ৰ চালকৰ হাতত নথকাত বাহনখন বিহালী আৰক্ষী থানালৈ লৈ যোৱা হয়।