September 10, 2024 12:19 PM

views 51

ৰাজ্যৰ ৪,৮৫৪ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ ৪ হাজাৰ ৮৫৪ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। বিভাগীয় ৱেবছাইটৰ পৰা শিক্ষকসকলে তেওঁলোকৰ নিযুক্তি পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকে এই সম্পৰ্কত কালি এটা বিশেষ নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে অলপতে ৰাজ্য চৰকাৰে ঠিকাভিত্তিত কৰ্মৰত প্ৰায় ২৪ হাজাৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰি নিযুক্তিপত্ৰ বিতৰণ কৰিছিল। ইয়াৰে ৫,৭০৪ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিপত্ৰ বিশেষ কাৰণত স্থগিত ৰখা হৈছিল।