November 26, 2025 8:59 PM

views 37

অসমৰ বিভিন্ন জিলাত সংবিধান দিৱসৰ কাৰ্যসূচী ৰূপায়ণ

দেশৰ সকলো গাঁও পঞ্চায়তৰ সদস্যসকলে স্থানীয় ভাষাত প্রস্তাবনা পাঠ কৰাৰ লগতে সংবিধানৰ সৈতে জড়িত বিভিন্ন আলোচনা আৰু কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয়। অসমতো আজি সংবিধান দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৰহাট আৰক্ষীয়ে আজি সংবিধান দিৱস উপলক্ষে প্ৰস্তাৱনা পাঠ কৰাৰ লগতে নাগৰিকৰ প্ৰতি ন্যায় আৰু নিষ্ঠাৰে দায়িত্ব পালনৰ সংকল্প লয়। ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ মুখ্য কাৰ্যালয়ত অনুসুচীত জাতি মৰ্চা জিলা সমিতিৰ সহযোগত আজি সংবিধান দিৱস পালন কৰা হয়। এই উপলক্ষে চৰাইদেউ জিলাৰ ভৱানীপ্রসাদ বৰুৱা সোঁৱৰণি মহাবিদ্যালয়ৰ ...