November 2, 2025 11:45 AM

views 64

মেঘালয়ৰ চেৰি ব্লা’ছম ফেষ্টিভেল ২০২৫ জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা

উত্তৰ-পূবৰ সবাটোকৈ জনপ্রিয় পর্যটন মহোৎসৱ মেঘালয়ৰ চেৰি ব্লা'ছম ফেষ্টিভেল ২০২৫ জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হ'ব। দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে অংশ ল'বলগীয়া এই মহোৎসৱত এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষভাবে শ্রদ্ধা জনোৱা হ'ব। মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই শুকুৰবাৰে এই কথা সদৰি কৰে। তেওঁ কয়, যে মেঘালয় চৰকাৰৰ উদ্যোগত ১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়াকৈ আয়োজিত চেৰি ব্লাছম ফেষ্টিভেলত জুবিন গাৰ্গৰ ঘনিষ্ঠ সংগীত শিল্পীৰ দ্বাৰা বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ দিহা কৰা হৈছে। তেওঁ কয়, যে কিংবন্তী...