January 15, 2025 6:40 PM

views 40

নতুন দিল্লীত কংগ্ৰেছ দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱন উদ্বোধন

কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে আজি নতুন দিল্লীত দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱন উদ্বোধন কৰে। অনুষ্ঠানত লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, সাংসদ প্রিয়ংকা গান্ধী ভাদ্রা, দলৰ মুখ্য সচিব কে চি বেণুগোপালকে ধৰি অন্য শীর্ষ নেতাসকল উপস্থিত থাকে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীখার্গে কয়, যে গণতন্ত্র, জাতীয়তাবাদ, ধৰ্মনিৰপেক্ষতা, সামগ্ৰীক বিকাশ আৰু সামাজিক ন্যায়ৰ আদৰ্শৰে এই নতুন ভৱনটো নিৰ্মাণ কৰা হৈছে। দলৰ এই নতুন মুখ্য কার্যালয়ে ভাৰতীয় জাতীয...