September 22, 2024 11:16 AM

views 54

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আমেৰিকাত ভাৰতৰ শিখ সকলক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও শিখ সংগঠনৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ক সাক্ষাৎ

লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে আমেৰিকাত ভাৰতৰ শিখ সকলক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও শিখ সংগঠন আৰু সমিতিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ক কালি সাক্ষাৎ কৰে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপি নেতা মঞ্জিন্দৰ সিং ছিছাই এই কথা উল্লেখ কৰে । তেওঁ কয় যে ৰাহুল গান্ধীৰ এই মন্তব্যই শিখ সম্প্ৰদায়ৰ মাজত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ মঞ্জিন্দৰ সিঙে ৰাহুল গান্ধীক তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই কয় যে শিখ প্রতিনিধি দলটোৱে...