April 6, 2024 12:10 PM

views 44

কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত লোকসভা নির্বাচন সন্দৰ্ভত বৈঠক

কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিয়ে কালি বিয়লি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত লোকসভা নির্বাচন সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকত দলৰ সভাপতি মল্লিকার্জুন খাৰ্গে, কংগ্ৰেছৰ সংসদীয় গোটৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু সাধাৰণ সম্পাদক কে চি বেণুগোপাল উপস্থিত থাকে। হাৰিয়ানাৰ দলৰ জ্যেষ্ঠ নেতাসকলেও এই বৈঠকত ভাগ লয়।