April 22, 2024 11:39 AM

views 51

লোকসভা নির্বাচনৰ বাবে কংগ্ৰেছৰ ১১গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ

কংগ্ৰেছে লোকসভা নির্বাচনৰ বাবে ১১গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। দলে ঝাৰখণ্ডৰ ৰাঁচী লোকসভা সমষ্টিৰ পৰা যশস্বিনী সাহাই আৰু গোড্ডা সমষ্টিৰ পৰা দীপিকা পাণ্ডে সিঙৰ পৰিৱৰ্তে প্ৰদীপ যাদৱক প্রার্থিত্ব প্ৰদান কৰিছে। তালিকাখনত অন্ধ্ৰপ্ৰদেশৰ ৯ গৰাকী প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। বিজয়বাড়া লোকসভা আসনৰ বাবে বল্লাৰু ভাৰ্গৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে শ্রীকাকুলাম আসন খনৰ বাবে পেড়াড়া পৰমেশ্বৰাৰাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছে। কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে এই নামসমূহ চূড়ান্ত কৰিছে।