June 14, 2024 5:22 PM

views 27

কংগো গণৰাজ্যৰ পূব অঞ্চলত সংঘটিত আক্ৰমণৰ ঘটনাত কমেও ৪২ জন লোক নিহত

কংগো গণৰাজ্যৰ পূব অঞ্চলত সংঘটিত আক্ৰমণৰ ঘটনাত কমেও ৪২ জন লোক নিহত হৈছে। বুধবারে পূব-উত্তৰ কিভু প্ৰদেশৰ লুবেৰুৰ মাই কেংগ' গাঁৱত এই আক্রমণ সংঘটিত হয়। প্রথম অৱস্থাত মৃতকৰ সংখ্যা ২৫ জন আছিল যদিও কালিৰ দিনটোত এই সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আক্ৰমণকাৰীয়ে অঞ্চলটোৰ বাসিন্দাসকলক এখন সভাৰ বাবে বজাৰৰ্ট গোট খাবলৈ আহ্বান জনাইছিল আৰু সমবেতলোকসকলক আগ্নেয়াস্ত্ৰ আৰু আন চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল।