May 6, 2025 6:35 PM

views 13

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ সময়সূচী ঘোষণা

 অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি কম্পার্টমেণ্টেল পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। এই অনুসৰি ২৩ মে’ত কম্পার্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব আৰু ২৯ মে'ত অন্ত পৰিব। পৰিষদৰ তথ্য অনুসৰি কম্পার্টমেণ্টেল পৰীক্ষাৰ বাবে ৫৪ হাজাৰ ৯৯৪ গৰাকী শিক্ষাৰ্থীয়ে আবেদন কৰিছে আৰু ৰাজ্যৰ মুঠ ১১০টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব।