November 21, 2025 8:15 PM

views 40

জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ বৈঠক

ৰাজ্যৰ সমাজ কল্যাণ আৰু সাংস্কৃতিক গৌৰৱ শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পর্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে এখন বৈঠকত মিলিত হয়। এই বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয়ৰ তৃতীয় সংস্কৰণৰ জড়িয়তে প্ৰতিটো যোগ্য পৰিয়ালৰ বাবে অৰুণোদয় আঁচনিৰ সুবিধা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ জিলা আয়ুক্তক নির্দেশনা দিয়ে।