September 8, 2026 7:58 PM
5
বিটিচিৰ উপাধ্যক্ষ প্রয়াত বিজিত গৌৰা নাৰ্জাৰীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাৰ চেচাপানীত বিটিচিৰ উপাধ্যক্ষ প্রয়াত বিজিত গৌৰা নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ নেতাগৰাকীৰ স্মৃতি সৌধত পুষ্পাঞ্জলি অর্পণ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। ইয়াৰ পাছত মুখ্যমন্ত্রী ড০ শৰ্মাই প্রয়াত নাৰ্জাৰীৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰি পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে।