January 2, 2026 12:43 PM

views 31

শোণিতপুৰত ৩০, ৬৫৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলা সৱলীকৰণৰ উল্লেখনীয় পদক্ষেপ হিচাপে আজি শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ ৩০ হাজাৰ ৬৫৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰিব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৫২ কোটি টকা ব্যয়সাপেক্ষ জিলাখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ১১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা সৰকাহাট মিনি স্টেডিয়াম উদ্বোধন কৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ছুপাৰ স্পেচিয়েলি...