August 24, 2024 9:08 PM

views 71

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীৰ বাবে ২০খন বিছনাযুক্ত নতুন আই চি ইউ প্রকল্প মুকলি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৩ দিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ শেষৰ দিনা আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীসকলৰ বাবে ২০খন বিছনাযুক্ত এটা নতুন আই চি ইউ প্রকল্প মুকলি কৰে। চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন আই চি ইউ প্ৰকল্পটো মুকলি কৰাৰ লগতে মহাবিদ্যালয়খনত নিৰ্মাণ হৈ থকা ৫৩৫ খন বিছনাযুক্ত জৰুৰীকালীন সেৱা ভৱনটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। নতুনকৈ নিৰ্মাণ কৰা এই ভৱনটো অহা বছৰ নৱেম্বৰ মাহত সম্পূৰ্ণ হ’ব বুলি আশা প্রকাশ কৰা হৈছে। এই ভৱনটোৰ নিৰ্মাণ সম্পূর্ণ হলে মহ...