February 21, 2025 12:23 PM

views 59

এডভাণ্টেজ আছামত ১ লাখ কোটি টকা বিনিয়োগৰ আশা, বৰ্তমানলৈ ১,৫১২খন বুজাবুজি চুক্তিৰ প্ৰস্তাৱঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে কমেও ১ লাখ কোটি টকা বিনিয়োগৰ আশা কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত এখন সংবাদ মেলত এই কথা সদৰি কৰি কয় যে বৰ্তমানলৈকে প্ৰায় এহেজাৰ ৫১২খন বুজাবুজি চুক্তিৰ প্ৰস্তাৱ আহিছে। তেওঁ কয় যে চৰকাৰে এইবাৰ বাস্তৱসন্মত বুজিবুজিৰ চুক্তিহে স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সংশ্লিষ্ট বিভাগসমূহে প্ৰস্তাৱসমূহ চালি-জাৰি চাই আছে আৰু অহা ২৩ ফেব্ৰুৱাৰীত হ'বলগীয়া মন্ত্ৰীসভাৰ বৈঠকত আলোচনা কৰি এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰ...