July 28, 2024 11:52 AM

views 26

প্রধানমন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টী শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ নতুন দিল্লীত বৈঠক

ভাৰতীয় জনতা পাৰ্টী শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক কালি নতুন দিল্লীত দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি জে পি নাড্ডা, গৃহমন্ত্রী অমিত শ্বাহ আৰু দলটোৰ আন জ্যেষ্ঠ নেতাসকল এই বৈঠকত উপস্থিত থাকে। প্রধানমন্ত্রী মোদীয়ে মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে। লোকসভা নিৰ্বাচন আৰু কেন্দ্ৰীয় বাজেট উত্থাপনৰ কিছু দিনৰ পাছতেই এই বৈঠকখন অনুষ্ঠিত হৈছে। এটা নিৰ্দিষ্ট সময়ৰ অন্তৰত নিয়মীয়াকৈ অনুষ্ঠিত ক...