November 3, 2026 11:01 AM
4
ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত ৰিনুৱেল এনার্জী ছামিট এণ্ড এক্সপ’, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত ৰিনুৱেল এনার্জী ছামিট এণ্ড এক্সপ’, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই সন্মিলনত নৱীকৰণযুক্ত শক্তিৰ প্ৰসাৰ, স্বচ্ছ শক্তিৰ ব্যৱহাৰ, বহনক্ষম উন্নয়ন আদি দিশসমূহক তুলি ধৰাৰ চেষ্টা কৰা হৈছে। সন্মিলনে এই আটাইবোৰ দিশত ভাৰতৰ সংকল্পক শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰাৰ লগতে এনে পদক্ষেপৰ জৰিয়তে সেউজ ভৱিষ্যত গঢ়াৰ পথ প্ৰশস্ত হ'ব বুলিও সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে ।