July 8, 2024 12:18 PM

views 32

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যৰ শিক্ষা বিভাগৰ পৰ্যালোচনামূলক বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ শিক্ষা বিভাগৰ পৰ্যালোচনামূলক এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত নতুন বিদ্যালয় স্থাপন, নিয়োগ, সেৱা বিধি, আদালতত বিচৰাধীন গোচৰ, মাচুল ৰেহাই আঁচনিৰ লগতে বিদ্যালয় প্রশাসন সম্পৰ্কীয় বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহৰ মান উৎকৃষ্ট হৈ নুঠালৈকে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত শিক্ষামন্ত্ৰী ৰণোজ পেগুকে ধৰি কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।