October 28, 2026 1:00 PM

views 12

দুদিনীয়া ভ্রমণসূচীৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা তিনিচুকীয়ালৈ ৰাওনা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া ভ্রমণসূচীৰে আজি তিনিচুকীয়ালৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ জিলাখনৰ কেইবাটাও অঞ্চলত চাৰিটা জনকল্যাণ আৰু উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰস্তাৱিত প্রকল্পসমূহৰ আধাৰশিলা স্থাপনৰ জৰিয়তে জিলাখনৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে উন্নয়নৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে অঞ্চলটোৰ বিশেষকৈ যাতায়াত, নগৰ উন্নয়ন, জনসেৱা আৰু অন্যান্য আন্তঃগাঁথনিগত ক্ষেত্রত পৰিৱৰ্তন সাধন হ'ব বুলি জনসাধাৰণে আশা প্রকাশ কৰিছে। মুখ্যমন্ত্রী ড° শ...