May 9, 2025 11:57 AM

views 33

প্রসূতিৰ মৃত্যুৰ হাৰ ২৮ পইণ্ট হ্ৰাসেৰে স্বাস্থ্যজনিত সুৰক্ষাত দেশৰ ভিতৰত উন্নত প্ৰদৰ্শন অসমৰ

অসমে প্রসূতিৰ মৃত্যুৰ হাৰ ২৮ পইণ্ট হ্ৰাস কৰি স্বাস্থ্যজনিত সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ সকলো ৰাজ্যৰ ভিতৰত উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যত ১ লাখ মহিলাৰ ভিতৰত প্ৰসূতিৰ মৃত্যুৰ হাৰ ১৯৫ৰ পৰা ১৪৭ লৈ হ্ৰাস পাইছে। একেদৰে ৰাজ্যত নৱজাতকৰ মৃত্যুৰ হাৰ ৩৮ৰ পৰা ৩৬ লৈ হ্ৰাস পাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এছ আৰ এছ ২০১৯-২১ প্ৰতিবেদনৰ জেৰ টানি কালি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে এটা সময়ত অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে অধিক আছিল। সম্প্ৰতি ৰাজ্যত স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ...