July 10, 2024 6:39 PM

views 24

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ ৬৮ কোটিৰো অধিক টকা বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি ৬৮ কোটিৰো অধিক টকা বিতৰণ কৰে। ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ত এই ধনৰাশি মোকলাই দিয়ে। এই আঁচনিৰ অধীনত ২০২৪-২৫ শিক্ষাবৰ্ষত ৩৪৯খন শিক্ষানুষ্ঠানৰ ৯৪ হাজাৰ ৮৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। আৰম্ভণিৰেপৰা বিগত শিক্ষা বর্ষলৈ এই আঁচনিয়ে ২২ লাখৰো অধিক শিক্ষাৰ্থীক সামৰি লৈছে। উল্লেখযোগ্য যে প্ৰজ্ঞা...