May 30, 2025 11:52 AM

views 37

ৰাজ্যত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ মূল্যায়ন আৰু নতুন উদ্যমৰ পৰিকল্পনা চূড়ান্তৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ মূল্যায়ন আৰু দুৰ্বল শ্ৰেণীৰ সহায়ৰ লক্ষ্যৰে গ্ৰহণ কৰিবলগীয়া নতুন উদ্যমৰ পৰিকল্পনা চূড়ান্ত কৰাৰ উদ্দেশ্যে কালি এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে হোৱা বৈঠকত ড০ শৰ্মাই অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্রগতিকে ধৰি বিভিন্ন দিশৰ পৰ্যালোচনা চলায়। সেই অনুসৰি ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে আৰু আঁচনিখনত ৩৭ লাখ নতুন হিতাধ...