August 12, 2026 11:55 AM

views 15

কৃষকৰ ১০ লাখ টকাপর্যন্ত প্রকৃত উপাৰ্জনৰ ওপৰত শূন্য কৃষি কৰত অনুমোদন

লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত কৃষকসকলক ১০ লাখ টকা পর্যন্ত প্রকৃত উপাৰ্জনৰ ওপৰত শূন্য কৃষি কৰত অনুমোদন জনাইছে। আনহাতে, ক্ষুদ্র চাহ খেতিয়কসকলৰ বাবে বিশেষ কৰ ৰেহাইৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই কয়, যে বছৰি ১০ লাখ টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্র চাহ খেতিয়কসকলে কৃষি কৰ আদায় দিব নালাগে।