August 30, 2025 8:08 PM

views 28

২০২৭ চনত ১৮ মাহৰ বাবে ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষই অসমলৈ প্ৰেৰণ কৰিব বৃন্দাবনী বস্ত্ৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষই তাত থকা বৃন্দাবনী বস্ত্ৰ চৰ্তসাপেক্ষে অসমলৈ ১৮ মাহৰ বাবে প্ৰেৰণ কৰা সন্দৰ্ভত আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অক্টোবৰ-নৱেম্বৰত লণ্ডনলৈ যাব। সকলো ঠিকে থাকিলে ২০২৭ চনত ১৮ মাহৰ বাবে ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষই অসমলৈ বৃন্দাবনী বস্ত্ৰ প্ৰেৰণ কৰিব। মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি গুৱাহাটীত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে কোচ ৰজা নৰনাৰায...