December 28, 2025 6:20 PM

views 26

বটদ্রবা প্রকল্প উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ, প্রকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত বটদ্রবা প্রকল্প উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ কৰা বটদ্ৰবা সাংস্কৃতিক প্রকল্পথলীত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ৰাইজে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বটদ্রবা প্রকল্পস্থলী পৰিদৰ্শন কৰি কাইলৈ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। প্রায় ২২২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বটদ্ৰবা সাংস্কৃতিক প্রকল্প কাইলৈ উদ্বোধন কৰা হ'ব ...

December 22, 2025 1:18 PM

views 35

বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বটদ্ৰৱা থান পৰিদৰ্শন কৰি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে এই পৰিদৰ্শনৰ পাছত সাংবাদিকৰ আগত কয় যে গুৰুজনাৰ স্মৃতি বিজড়িত এই স্থানৰ পৱিত্ৰতা আৰু গৌৰৱক পুনৰুদ্ধাৰ কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্রহণ কৰা হৈছে। নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা প্ৰকল্পটো উদ্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এখন বিশাল ৰাজহুৱা সভ...