October 11, 2025 1:48 PM

views 19

সমাগত উৎসৱৰ বতৰত বিমানৰ ভাৰা ব্যয়সাধ্য কৰিবলৈ বিমান কোম্পানীসমূহলৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৰ আহ্বান

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে সমাগত উৎসৱৰ বতৰত বিভিন্ন খণ্ডত বিমানৰ ভাৰা ব্যয়সাধ্য কৰিবলৈ বিমান কোম্পানীসমূহৰ প্ৰতি আহ্বান জনাইছে। বিমান কোম্পানীসমূহেও যাত্ৰীসকলৰ সুবিধা তেওঁলোকৰ সৰ্বাধিক অগ্রাধিকাৰৰ বিষয় হ'ব বুলি আশ্বাস প্ৰদান কৰি কয়, যে এই সময়ছোৱাত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত বিমান চলাচলৰ ব্যৱস্থা কৰা হ'ব। নতুন দিল্লীত কালি মাহেকীয়া পর্যালোচনা বৈঠকত ভাষণ দি শ্রীনাইডুৱে যাত্ৰীসকলৰ সুৰক্ষা ব্যৱস্থা, সেৱা তথা অন্যান্য সা-সুবিধাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ কোম্পা...