September 20, 2024 6:57 PM

views 61

নলবাৰী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত চিটিস্কেন যন্ত্ৰ মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত শেহতীয়া সুবিধাৰে সমৃদ্ধ চিটিস্কেন যন্ত্ৰ মুকলি কৰে। তেওঁ কয় যে, ইয়াৰ জৰিয়তে অঞ্চলটোৰ স্বাস্থ্য সেৱা খণ্ডত এটা গুৰুত্বপূৰ্ণ অগ্রগতি হ'ব। স্থানীয় লোকসকলৰ উপৰি সমীপৰ অঞ্চলসমূহৰ ৰোগী তথা ৰোগীৰ পৰিয়াল এই শেহতীয়া চিকিৎসা সজুলীৰ জৰিয়তে উপকৃত হ'ব বুলি তেওঁ আশাপ্ৰকাশ কৰে।