September 3, 2025 7:15 PM

views 21

চৰাইদেউত টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত ডাম ফী পূজা অনুষ্ঠিত

স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদামক তথ্য সম্বলিতভাবে চিনাক্তকৰণৰ লক্ষ্যৰে আজি চৰাইদেউ জিলাৰ লাংকুৰি দেওশাল প্ৰাংগণত ৰাজ্য চৰকাৰৰ টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত ডাম ফী পূজা অনুষ্ঠিত হয়। এই পূজাৰ সৈতে সংগতি ৰাখি আহোম উন্নয়ন পৰিষদৰ দ্বাৰা অনুমোদিত ১ কোটি ৮ লাখ টকাৰ পুঁজিৰে দেওশাল উন্নয়নৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্রী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে কেইবাটাও দল-সংগঠনৰ নেতা-কর্মীয়ে এই কার্যসূচীত অংশ লয়। এই কাৰ্যসূচীৰ জৰিয়তে স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈডামৰ সংৰক্ষণ আৰু উন্নয়নৰ লগতে...

March 8, 2025 7:44 PM

views 20

চৰাইদেউত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কৃষক মেলা আয়োজন

চৰাইদেউ কৃষি বিভাগৰ অন্তৰ্গত কৃষি ব্যৱস্থাপনা প্রযুক্তি সংস্থাৰ উদ্যোগত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কৃষক মেলা আয়োজন কৰা হৈছে। জিলাখনৰ জঁজলি পাঁচআলিৰ দিচাংপানী গাঁও পঞ্চায়ত ৰাজহুৱা খেলপথাৰত আয়োজিত এই কৃষক মেলাখন জিলা আয়ুক্ত ডাঃ নেহা যাদবে মুকলি কৰে। থলুৱা কৃষকসকলক এখন বজাৰ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা এই মেলাত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আত্মসহায়ক গোট, কৃষক আৰু গ্ৰাম্য সংগঠনৰ দ্বাৰা মুঠ ২০খন বিপণীত থলুৱা উৎপাদিত সামগ্রী বিক্রী আৰু প্রদর্শন কৰা হৈছে। উদ্যোক্তাসকলে কৃষক পঞ্জ...